Tuesday, June 2, 2020

প্রতীক্ষা


শেৱালি ফুলা বাটেৰে তুমি আহিবা বুলি
মই ৰৈ আছিলো
মই ৰৈ আছিলো খিৰিকীৰ কাষত, তোমাৰ প্রতীক্ষাত
মাজনিশা জোন তেতিয়া জ্বলি উঠিছিল
কোনোবাই যেন জুইয়েৰে আগুৰি ধৰিছিল জোনটোক
মই ভয় খাইছিলো
অকলশৰীয়া ভয়ত উচুপি উঠিছিলো
তথাপি ৰৈ আছিলো
তুমি আহিবা বুলি


সময় বৈ গল
আকৌ চাইছিলো চকু মেলি
কোমল জোনালী তেতিয়া বিয়পিছে আকাশত,
মেলি দিয়া চুলিৰ দৰে
ঘুৰি ফুৰা মেঘৰ মাজত
জোনটোৱে বিলাই দিছিল নিজকে
মই প্রতীক্ষাত আছিলো
তোমাৰ কাৰণে নহয়
মই নিজে সাৰ পোৱাৰ প্রতীক্ষাত.....

No comments:

Post a Comment